হোজাই জিলাৰ নখুটি অঞ্চলত ক’লা হীৰাৰ ছিণ্ডিকেট

 06/28/2019 - 17:16

লংকাঃ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে সকলো প্ৰকাৰৰ ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ বিপৰীত ছবি পৰিস্ফূটিত হৈছে হোজাই আৰু কাৰ্বিভূমিত। ক’লা হীৰা ছিণ্ডিকেটত লুতুৰি-পুতুৰি হৈ পৰিছে শাসকীয় দলৰ নেতা-কৰ্মীৰ লগতে হোজাই জিলা আৰক্ষীও। হোজাই জিলাৰ নখুটি অঞ্চলৰ পৰা চলিছে এই ৰমৰমীয়া কয়লাৰ মুকলি বেহা। বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেট হোজাই জিলাতো পিছপৰি থকা নাই। জিলাখনতো গঢ় লৈ উঠিছে কয়লা ছিণ্ডিকেটৰ। জিলাখনৰ নখুটি অঞ্চলৰ পৰা চলিছে এই ক’লা হীৰাৰ ছিণ্ডিকেট।

লামডিং আৰক্ষী থানাৰ অন্তৰ্গত নখুটি অঞ্চলৰ গাতে লাগি থকা কাৰ্বিআংলঙৰ কুলুডং অঞ্চলৰ পৰা সৰবৰাহ হৈছে এই অবৈধ কয়লা। ইয়াৰ পৰাই নিশা লংকা চহৰৰ মাজেদি ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰমী জিলাখনৰ পৰা বিভিন্ন ঠাইলৈ সৰবৰাহ হয় ক’লা হীৰাৰ দহ-বাৰ চকীয়া ট্ৰাকসমূহ। শেহতীয়াকৈ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰক্ষী সঞ্চালক প্ৰধানক সকলো ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও নখুটিত মজুত কৰি ৰখা কয়লা শাৰী, ট্ৰাকৰ বিৰুদ্ধে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী প্ৰশাসনে।

আনহাতে মেঘালয় আৰু নখুটিৰ পৰা অবৈধ উপায়েৰে অনা একাংশ কয়লাক বৈধতা দিয়া পৰিকল্পনাৰে লংকাৰ বামুনগাঁও অঞ্চলত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গঢ়ি তোলা হৈছে কেইবাটাও কয়লাৰ ডিপাে। এই ডিপােসমূহে পৰিৱেশৰ লগতে প্ৰদুষণৰো সৃষ্টি কৰি জনজীৱন বিনষ্ট কৰি তোলাৰ অভিযোগ উঠিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।