আলেমা বেগমৰ সন্ধান দিওতাক নগদ ২৫ হেজাৰ টকাৰ পুৰস্কাৰ

 03/18/2019 - 13:47

গুৱাহাটীঃ বিগত এমাহ ধৰি সন্ধান ওলোৱা নাই এগৰাকী নিৰুদিষ্ট মহিলাৰ। গুৱাহাটী মহানগৰীৰ এবিচিৰ তৰুণ নগৰৰ ভাড়াঘৰৰ পৰাই নিৰুদ্দেশ হোৱা আলেমা বেগম (৫০) নামৰ মহিলাগৰাকীৰ এমাহেই সন্ধান নোলোৱা বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত ঘৰত স্বামী আৰু পুত্ৰ উপস্থিত থকা সময়তে দুপৰীয়া ভাগত আকস্মিকভাৱে নিৰুদ্দেশ হয় আলেমা বেগম। লোকৰ ঘৰত কাম-বন কৰি জীৱন নিৰ্বাহ কৰা মহিলাগৰাকী নিশালৈকে ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ মানুহৰ ঘৰে ঘৰে খবৰ কৰাৰ পাছত আনকি মহিলাগৰাকীৰ মাতৃগৃহ বৰপেটা জিলাৰ পালহাজীতো খবৰ কৰি কোনা সন্ধান নোলোৱাত যোৱা ১৪ ফেব্ৰুৱাৰীত ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ৰহস্যজনকভাৱে প্ৰায় এমাহ উকলি যোৱাৰ পিছতো মহিলাগৰাকীৰ কোনো শুংসূত্ৰ আৰক্ষীয় উলিয়াব নোৱাৰাত পৰিয়ালটো চৰম হতাশাত ভুগিছে। আলেমা বেগমৰ সম্ভেদ দিওতাক নগদ ২৫ হেজাৰ টকাৰে পুৰস্কৃত কৰিব বুলি ঘোষণা কৰি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ৭৬৬৪০৫৮৪৪৫ নম্বৰৰ মোবাইল ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।