জাপানৰ জি-20 সন্মিলনত অংশগ্ৰহণ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

 06/28/2019 - 17:16

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হোৱা জি-20 শীৰ্ষক সন্মিলনখনত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। সন্মিলনখনত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে BRICS দেশৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দমনীয় স্থিতি গ্ৰহণৰ আহ্বান জনাইছে। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক নিন্দা কৰি জি-20 সন্মিলনৰ জৰিয়তে বিশ্বজুৰি সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে চেষ্টা চলাবলৈ অনুৰোধ জনায় মোদীয়ে।

সমগ্ৰ বিশ্বৰ বাবে সন্ত্ৰাসবাদৰ প্ৰত্যাহ্বান হৈ পৰিছে। সন্ত্ৰাসবাদে অৰ্থনৈতিক উন্নয়ন স্থবিৰ কৰে বুলি ব্যক্ত কৰি মোদীয়ে সন্ত্ৰাসবাদীৰ বিৰদ্ধে সকলোকে এক গোট হ'বলৈ আহ্বান জনায় বৈঠকত। উল্লেখ্য যে জি-20 ৰ শীৰ্ষক সন্মিলনখনত বিশ্বৰ পাঁচোটাকৈ গোলকীয় সমস্যাৰ বিষয়ে আলোচনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।