ভাৰতীয় বায়ু সেনাৰ জেট বিমানত চৰাইৰ খুন্দাঃ অনাকাংক্ষিত পৰিস্থিতি

 06/28/2019 - 17:22

ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ু সেনাৰ জেট বিমানৰ অনুশীলনৰ সময়ত এটা চৰায়ে খুন্দা মৰাৰ ফলত সৃষ্টি অনাকাংক্ষিত পৰিস্থিতি। এই ঘটনা সংঘটিত হ’ল আম্বালাৰ আবাসিক এলেকাৰ আকাশমাৰ্গত৷ জেট বিমানৰ ইন্ধন আৰু অনুশীলনৰ বাবে ৰখা বোমা পেলাবলগীয়া হয় আৱাসিক এলেকাত।

ভাৰতীয় বায়ু সেনাৰ সূত্ৰ অনুসৰি বিমানখনৰ এটা ইঞ্জিনত চৰাইয়ে খুন্দা মাৰিছিল যদিও বিমানখন সৌভাগ্য ক্ৰমে অৱতৰণ কৰিব পাৰে। অৱশ্যে এই ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।