গোসাইগাঁৱত নদীত গা ধুই থাকোতে উটি গ’ল ছাত্ৰ

 06/28/2019 - 17:54

গোসাইগাঁওঃ কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ সদৰ চহৰৰ সংলগ্ন দলগাঁৱত আজি পুৱা বন্ধুৰ সৈতে নদীত গা ধুৱলৈ গৈ এগৰাকী ছাত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ছাত্ৰগৰাকী সদৰ চহৰৰ পাশ্বৱৰ্তী কামাৰপাৰা নিৱাসী নকুল মণ্ডলৰ পুত্ৰ তথা গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ বিশ্বজিৎ মণ্ডল বুলি চিনাক্ত কৰা হৈছে৷

প্ৰাপ্ত বাতৰি মতে পুৱা ১০ মান বজাত ছাত্ৰগৰাকীয়ে স্কুলৰ পৰা  তেওঁৰ আন দুগৰাকী বন্ধুৰ সৈতে দলগাঁৱত উপস্থিত হয়৷ পিছত ছাত্ৰ তিনিজনে দলগাঁওস্থিত মদাতি নদীত গা ধুৱলৈ যাওঁতে বিশ্বজিত মণ্ডল সন্ধানহীন হৈ পৰে৷ আন দুগৰাকী ছাত্ৰই তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা চলায় যদিও বিফল হোৱাত ওচৰৰ ৰাইজক অৱগত কৰে৷

স্থানীয় ৰাইজে ছাত্ৰগৰাকীক উদ্ধাৰৰ চেষ্টা কৰে যদিও বিফল হয়৷ পিছত খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফক অৱগত কৰে৷ এছ ডি আৰ এফে ছাত্ৰগৰাকীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।