নলবাৰীত দিনদুপৰতে দুৰ্বৃত্তই কাঢ়ি নিলে এক লাখ পঞ্চাশ হাজাৰ টকা

 06/28/2019 - 18:05

নলবাৰীঃ নলবাৰী গনেশ মন্দিৰৰ সমীপত চাৰি দুৰ্বৃত্তই মটৰ চাইকেলেৰে আহি এজন বেঙ্ক কালেকটৰৰ পৰা ডেগাৰেৰে আক্ৰমণ কৰি প্ৰায় ১লাখ ৫০ হাজাৰ টকা লৈ উধাও হয়। নলবাৰীত সঘনাই এই ঘটনা বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে ৰাইজ৷ নলবাৰীত এনে ঘটনা প্ৰায় ৮ টাতকৈ বেছি হোৱাৰ পাছতো আৰক্ষীয়ে আজিলৈকে এজনো দুৰ্বৃত্তক আটক কৰিব নোৱৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে আজি ঘগ্ৰাপাৰৰ পৰা মাইক্ৰ’ ফাইনেন্সৰ কৰ্মচাৰীয়ে নলবাৰী বেঙ্কত টকা কালেকচন কৰি জমা থ’ব আহোতে দুখন নম্বৰ প্লেটবিহীন বাইকেৰে চাৰি দুৰ্বৃত্তই কৰ্মচাৰীজনক আগভেটি ধৰি টকাৰ বেগটো কাঢ়ি ল’ব খোজাত কৰ্মচাৰীজনে অমান্তি হোৱাত কৰ্মচাৰীজনক চাৰি দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আঘাত কৰে। লগে লগে কৰ্মচাৰীজন থিতাতে পৰি য়ায আৰু টকাৰ বেগটো লৈ উধাও হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।