নতুন শিক্ষা নীতিৰ বিৰুদ্ধে সৰৱ যোৰহাট ছাত্র মুক্তি

 06/28/2019 - 18:15

যোৰহাটঃ নতুন শিক্ষা নীতিৰ বিৰুদ্ধে সৰৱ হৈ যোৰহাটত ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে আজি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবৰ্তনকামী চৰকাৰখনে নতুন শিক্ষা নীতিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যি পৰিবৰ্তন আনিব বিচাৰিছে তাক তীব্র বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে।

খচৰা নতুন শিক্ষানীতিত হিন্দী ভাষা বাধ্যতামূলক কৰা আৰু কেৱল এটা আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ সদস্যসকল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।