মৰিয়নীৰ কংগ্ৰেছ কৰ্মী আজমীঢ় খানৰ মৃত্যুত শোক

 06/28/2019 - 18:22

মৰিয়নীঃ মৰিয়নীৰ ২ নং ৱাৰ্ড কচাইপতিৰ নিৱাসী তথা জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আজমীঢ় খানৰ ২২ জুন মৃত্যু হয়। বৃহস্পতিবাৰে মৰিয়নী ৩ নং ৱাৰ্ডত থকা মৰিয়নী মণ্ডল কাৰ্যালয়ত আজমীঢ় খানৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোক প্ৰস্তাৱ কাৰ্যসূচী গ্ৰহণ কৰে৷

উক্ত কায্যসূচীত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, মৰিয়নী মণ্ডল কংগ্ৰেছ নেতা মাধুৰ্য্য গগৈ, পীযুষ শৰ্মা ছনায় বচাক, ৰাজীব কৰ্মকাৰকে ধৰি বহুতো কংগ্ৰেছ দলৰ কৰ্মী উপস্থিত আছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।