ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

 06/28/2019 - 18:27

গহপুৰঃ গহপুৰ মহকুমাৰ ঘাঁহিগাঁওস্থিত এখন আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'ল চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৭ জুনৰ পুৱা ১০ বজাত ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাধৱ দাহালে উদ্ধোধন কৰা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে বিভিন্ন জাতি-জনগোষ্ঠীয় পৰম্পৰাৰ সংমিশ্ৰনেৰে বাহিৰ কৰে এক সাংস্কৃতিক শোভাযাত্ৰা।

য'ত প্ৰতিফলিত হয় প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজা নিজা ঐতিহ্য। এই সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া, বড়ো সম্প্ৰদায়, মিচিং, নেপালী, বেংগলী, আদিবাসী, তিৱা আদি বিভিন্ন জাতি-জনজাতিক প্ৰতিনিধিত্ব কৰে কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ইয়াৰ উপৰি অসমীয়া বিবাহৰ পৰম্পৰাগত পানীতোলা আৰু দৰা-কইনাৰ দৃশ্য এক সুন্দৰ ৰূপত উপস্থান কৰে ছাত্ৰ-ছাত্ৰীসকলে।

আনহাতে দ্বিতীয় দিনা অৰ্থাৎ ২৮ জুনৰ পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। পতাকা উত্তোলন কৰে ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাধৱ দাহালে।ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা "আলোক" প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে কৃপালী গোস্বামীয়ে। ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মাধাৱ দাহালে সভাপতিত্ব কৰা সভাত উদেশ্য ব্যাখ্যা কৰে ছাত্ৰ সংসদৰ সাধাৰণ সম্পাদক দীপাংকৰ সন্দিকৈয়ে।

আদৰণি ভাষণ প্ৰদান কৰে ৰয়েলভেলী কনিষ্ঠ মহাবিদ্যালয়ৰ পৰিচালন সঞ্চালিকা অদিতি হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জন কুমাৰ ওজা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী আৰু মধ্য ছয়দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী কৃপালী গোস্বামী, বিশিষ্ট লেখক, কবি সমাজসেৱক সিদ্ধেশ্বৰ হাজৰিকা, বৰঙাবাৰী যোগনাথ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ৰঞ্জিত বৰঠাকুৰ, সমাজকৰ্মী ঘন শৰ্মা, কবি শোভন শইকীয়া, সংগীত শিল্পী বিজয় বৰা, কনকলতা ছোৱালী হাইস্কুলৰ অৱসৰ প্ৰাপ্ত শিক্ষক দ্বিজেন ভূঞা, শিক্ষক শোভন শৰ্মাকে ধৰি গণ্য-মান্য ব্যক্তিসকল।

উক্ত সভাত বিভিন্ন গীত, কবিতা, নৃত্যৰে পৰিৱেশ মুখৰিত কৰি তোলাৰ লগতে এই বৰ্ষ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই। উল্লেখ্য যে প্ৰতিবছৰে ১০০ শতাংশ উত্তীৰ্ণৰে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ৰয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত সকলোৱে কনিষ্ঠ মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।