লামডিং চিকিৎসালয়ৰ দুৰৱস্থা

 06/28/2019 - 18:54

লামডিংঃ হোজাই জিলাৰ লামডিং এফআৰইউ অসামৰিক চিকিৎসালয় এতিয়া ফােঁপােলাস্বৰূপ। নাই পৰ্যাপ্ত চিকিৎসা। হাৰাশাস্তি ভুগিবলগীয়া হৈছে ৰােগীসকলে। ক্ৰমান্বয়ে ধোঁৱা চাঙত পৰিণত হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ৰেডিঅ’লজিষ্ট অবিহনে চলিছে চিকিৎসালয়খন। ৰোগীৰ ঠাইত চিকিৎসালয়খনৰ কােঠাত কুকুৰৰ মুক্ত বিচৰণৰ এক দৃশ্য দেখা গৈছে।

দম্ভালি মাৰি অহা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া, আপোনাৰ স্বাস্থ্য বিভাগত দৰাচলতে কি সংঘটিত হৈ আহিছে খবৰ ৰাখিছেনে? নে, চকু মুদা কুলিৰ নিচিনাকৈ দেখিও নেদেখাৰ ভাও জুৰিছে? আমি ক’বলৈ ওলাইছো হোজাই জিলাৰ আপোনাৰ বিভাগৰ লামডিং অসামৰিক চিকিৎসালয়ৰ আন্তঃগাঁঠনি কথা। বহুদিনৰ পৰা বন্ধ হৈ আছে চিকিৎসালয়খনৰ এক্স-ৰে বিভাগটাে। যাৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে সাধাৰণ ৰােগীসকল। চৰকাৰী সুবিধা থকা সত্ত্বেও ৰােগীসকলে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাই ভুগিবলগীয়া হৈছে যমৰ-যাতনা।

মাননীয় স্বাস্থ্য মন্ত্ৰী মহােদয়, এতিয়া আমাৰ ফালৰ পৰা মুকলিকৈ এটি প্ৰশ্ন- আপোনাৰ বিভাগত সংঘটিত হৈ থকা এনে ধৰণৰ সমস্যাসমূহ চকু ফুৰাই চাবলৈ আপােনাৰ সময় হ’বনে? নে এনেকৈয়ে সাধাৰণ মানুহবােৰে সমস্যাৰ সন্মুখীন হৈ থাকিব লাগিব?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।