বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন নিলাজ পাকিস্তানী সেনাৰ

 03/18/2019 - 14:20

নতুন দিল্লীঃ বাৰে বাৰে শত্ৰুৰাষ্ট্ৰ পাকিস্তানে কৰিছে যুদ্ধ বিৰতি উলংঘন। এনে লজ্জাজনক কৰ্মৰে পাকিস্তান হেয় হৈ আহিছে বিশ্বৰ চকুত। তথাপিও কিন্তু পাকিস্তানৰ নাই কোনো অপৰাধবোধ অথবা হীনমন্যতা। লজ্জাজনক কাম কৰাটোৱেই যেন এই দেশৰ ধৰ্ম।

জম্মু-কাশ্মীৰত পুনৰ যুদ্ধ বিৰতি উলংঘন কৰি পাক সেনাই নিজৰ স্বৰূপ উদঙাই দেখুৱাইছে। উল্লেখ্য যে, দেওবাৰে নিশা যুদ্ধ বিৰতি উলংঘন কৰি গুলিচালনা কৰা পাক সেনাই সোমবাৰে পুৱাও ৫.৩০ বজাৰ পৰা ৰাজৌৰি জিলাৰ সুন্দেৰবাণী চেক্টৰত গুলিচালনা আৰম্ভ কৰে।

ভাৰতীয় সেনায়েও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈ পৰে। পুৱা ৭.১৫ বজা পৰ্যন্ত ধাৰাসাৰ গুলিয়াগুলি চলি থাকে দুই ৰাষ্ট্ৰ সেনাৰ মাজত। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.