দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগঃ ছুৱাপাতা পঞ্চায়তৰ কাম-কাজ তদাৰক অতিৰিক্ত উপায়ুক্তৰ

 06/28/2019 - 19:07

বিলাসীপাৰাঃ দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ। বিভাগটোৰ প্ৰতিটো কাৰ্যালয়ৰ দায়িত্বপ্ৰাপ্ত চকীদাৰৰ পৰা আৰম্ভ কৰি বৰমূৰীয়ালৈকে সকলোৱে দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি কমিচন অবিহনে কোনো উন্নয়নমূলক কাম নকৰে বিভাগটোৰ কাৰ্যালায়ৰ বিষয়া-কৰ্মচাৰীয়ে। শেহতীয়াকৈ পশ্চিম অসমৰ ধুবুৰী জিলাত থকা বিভাগটোৰ জিলা কাৰ্যালায়ত সংঘটিত দুৰ্নীতিৰ অভিযোগে প্ৰমাণ কৰিছে আচলতে কি চলিছে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত।

এফালে এম জি এনৰেগা আঁচনিৰ কামৰ অনুমোদনৰ নামত কমিচনৰাজ, আনফালে আঁচনি ৰূপায়ণত পঞ্চায়ত প্ৰতিনিধি আৰু কৰ্মচাৰীৰ দুৰ্নীতি। মুঠতে বিভাগটোত চলিছে বিষয়া-কৰ্মচাৰীৰ ৰাজত্ব। ধুবুৰী জিলাৰ অইন অইন ঠাইৰ কথা বাদেই নায়েৰ আলগা উন্নয়ন খণ্ডৰ মছলাপাৰা গাঁও পঞ্চায়তত ওখ ভেটি নিৰ্মাণত সংঘটিত দুৰ্নীতিয়ে লজ্জানত কৰিছে পঞ্চায়ত বিভাগটোক। উক্ত পঞ্চায়তত ওখ ভেটি নিৰ্মাণত পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামে এ ই আকিদুল আৰু সচিব দেলবাৰৰ চকুত ধূলি দি দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰি পঞ্চায়তত যি কেইখন আঁচনিৰ কাম কৰিছে প্ৰতিটো কামতেই বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰো অভিযোগ উঠিছে।

একেদৰে গুটিপাৰা গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়ত সদস্য আব্দুছ ছালামে দালালৰ হতুৱাই নাম মাত্ৰ কাম কৰি সিংহ ভাগ ধন আত্মসাৎ কৰাৰ ফান্দ পতাৰো অভিযোগ উঠিছে। অঙিযোগ মতে এই ক্ষেত্ৰত হাত উজান দিছে এ ই আবেদুৰ ৰহমানে। কেৱল ইমানেই শেষ নহয় গুটি পাৰা পঞ্চায়তৰ দুৰ্নীতিৰ অভিযোগ। পঞ্চায়ত সচিব উত্তম সাহাই পঞ্চায়তটোত চলাইছে অৰাজকতা। নিজে হৰ্তাকৰ্তা বিধাতাৰ ৰূপত অৱতীৰ্ণ হৈ পঞ্চায়ত সচিব সাহাই চলাইছে কমিচন ৰাজ। জানিব পৰা মতে সচিব সাহাৰ আঙুলিৰ নিৰ্দেশত উঠা বহা কৰা সকলক গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে ন্যায় কথা কোৱা সকলৰ সৈতে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

গুটিপাৰা পঞ্চায়তৰ দৰেই দুৰ্নীতি সংঘটিত হৈছে ডুবাচুৰী গাঁও পঞ্চায়ততো। প্ৰাপ্ত খবৰ মতে ডুবাচুৰী পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব ইমদাদুলে চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি আবণ্টিত ধন শৰাধ কৰিছে। কেৱল ইমানেই নহয়, নায়েৰ আলগা উন্নয়ন খণ্ডৰ জবকাৰ্ডত বৰপেটা জিলাৰ সন্দেহজনক ব্যক্তিৰ একাউণ্ট অন্তৰ্ভুক্ত কৰি চৰম জালিয়াতিৰে পঞ্চায়তৰ ধন আত্মসাৎ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে সচিব ইমদাদুলৰ বিৰুদ্ধে। গুটিপাৰা আৰু ডুবাচুৰী পঞ্চায়তৰ শেহতীয়া দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰিছে পঞ্চায়তৰ ৰাইজে।

ইফালে যি সময়ত নায়েৰ আলগা উন্নয়ন খণ্ডৰ গুটিপাৰা-ডুবাচুৰী আৰু মছলাপাৰা গাঁও পঞ্চায়তত এম জি এনৰেগা আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে, তেনে সময়তে কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তত আকস্মিকভাবে উপস্থিত হৈছে ধুবুৰী জিলাৰ অতিৰিক্ত উপয়ুক্ত। খবৰ অনুসৰি পঞ্চায়তটোত এম জি এনৰেগা আঁচনিৰ কাম কাজ তদাৰক কৰিবলৈ হঠাৎ কাজাইকাটা ছুৱাপাতা পঞ্চায়তৰ ছুৱাপাতা তৃতীয় খণ্ড গাঁৱত উপস্থিত হৈছিল উপয়ুক্তগৰাকীয়ে। অৱশ্যে উপায়ুক্তক পঞ্চায়ত সভাপতি হৰমুজ আলীৰ বিৰুদ্ধে একাংশ চকু চৰহাই উত্থাপন কৰা অভিযোগ যে মনে সজা আৰু ভিত্তিহীন সেয়া জলজল পটপটকৈ ওলাই পৰিছে।

মুঠতে পঞ্চায়ত সভাপতি হৰমুজ আলীৰ কাম-কাজ চাই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে উপয়ুক্তগৰাকীয়ে অভিযোগকাৰীৰ আচল ৰূপ উদঙাই দিছে। মন কৰিবলগীয়া যে কাজাইকাটা ছুৱাপাতাত ইয়াৰ পুৰ্বেও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াই পঞ্চায়তৰ কাম-কাজ তদাৰক কৰি হৰমুজ আলীক ধন্যবাদ জ্ঞাপন কৰাৰ নজিৰ আছে। নায়েৰ আলগা উন্নয়ন খণ্ডৰ ডুবাচুৰী আৰু গুটিপাৰা পঞ্চায়তত এম জি এনৰেগা আঁচনিত সংঘটিত দুৰ্নীতিৰ বাতৰি পৰৱৰ্তী পৰ্যায়ত প্ৰকাশ কৰা হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।