বৰক্ষেত্ৰীৰ আদাবাৰীত পাগলদিয়া নৈৰ সংহাৰী ৰূপ

 06/28/2019 - 19:13

মুকালমুৱাঃ বৰক্ষেত্ৰীৰ আদাবাৰী অঞ্চলত পাগলদিয়া নৈৰ সংহাৰী ৰূপ। পাগলদিয়া নৈৰ বাঢ়নি পনীৰ ৰুদ্ৰ মুৰ্তিত টোপনি হৰিছে আদাবাৰীৰ অঞ্চলৰ পূৱ হানাপাৰা ৰাইজৰ৷ পূৱ হানাপাৰ অঞ্চলত পাগলদিয়া নৈৰ ভয়ানক গৰাখহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ৷ পাগলদিয়াৰ সংহাৰী ৰূপত অঞ্চলটোৰ কেইবাটাও পৰিয়াল হৈছে ভূমিহীন।

উল্লেখ্য যে পূৱ হানাপাৰা গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নৈৰ ভয়ানক বাঢ়নি পানীয়ে বিপদ সীমা অতিক্ৰম কৰি ইতিমধ্যে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভয়ানক গৰাখহনীয়াত জাহ যোৱাৰ উপৰি কেইবাটাও পৰিয়ালত বাঢ়নি পানীয়ে সৃষ্টি কৰিছে আতংক৷ চৰকাৰ তথা বিভাগীয় কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে এতিয়া পাগলদিয়াৰ বুকুত বিভিন্ন গছ-গছনি তথা কল গছ বান্ধি গৰাখহনীয়া ৰোধৰ আপ্ৰাণ চেষ্টা গঞা ৰাইজৰ।

বিগত তিনিবছৰত পূৱ হানাপাৰ অঞ্চলৰ কেইবাটাও পৰিয়ালে পাগলদিয়াৰ কালৰূপত ঘৰ-মাটি এৰি আন ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে৷ প্ৰতিবছৰে অঞ্চলটোত পাগলদিয়াই ভয়ানক ৰূপ ধাৰণ কৰাৰ পিছত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই খহনীয়াস্থলীত উপস্থিত হৈ উক্ত স্থানত খহনীয়া ৰোধৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে যদিও আজি পৰ্য্যন্ত উক্ত স্থানত কাৰ্যত নহ’ল খহনীয়া ৰোধৰ ব্যৱস্থা৷

স্থানীয় লোকে সদৰী কৰা মতে এইবেলি বানপানীৰ পূৰ্বে অৰ্থাৎ দুমাহ পূৰ্বে পাগলদিয়া নৈৰ গতি সলনি কৰাৰ বাবে উক্ত স্থানত ৰাইজৰ ব্যক্তিগত ধনেৰে এটা চেনেল নিৰ্মান কৰা হৈছিল যদিও চেনেলটোৱে কাৰ্যত কোনো কামকে নিদিলে যাৰ ফলত স্থানীয় লোকসকল অধিক শংকিত হৈ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।