ধেমাজি জিলাত বানৰ বিভীষিকা

 06/28/2019 - 19:20

ধেমাজিঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে ধেমাজি জিলাতো বলিয়া বানৰ বিভীষিকা। নেৰা নেপেৰা বৰষুণৰ ফলত জীয়াঢ়ল নদীৰ পানীয়ে বৰদলনিৰ লগতে জীয়াঢল অঞ্চলৰ শতাধিক গাঁও পানীয়ে আগুৰি ধৰিছে। ইয়াৰ ফলত কৃষকসকলে আগতীয়াকৈ কৰা কৃষিসমূহ পানীৰ তলত ডুব যায় আৰু শতাধিক গৃহত পানী সোমোৱাৰ লগতে পশুধনৰ বাবে খাদ্য নাটনি হোৱা পৰিলক্ষিত হৈছে।

ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়ৰ গৃহসমূহত একাঁঠু পানী। ইয়াকে লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে চিন্তাত পৰিব লগা হৈছে। বানপীড়িত ৰাইজে পানীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ওখ ঠাইলৈ ঢাপলি মেলিছ। কিন্তু ইমানৰ পাছতো বৰ্তমানেও জিলা প্ৰশাসনৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই বুলি স্থানীয় ৰাইজে অৱগত কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।