লখিমপুৰত বৃক্ষ ৰোপণ কাৰ্যসূচীত হিমন্ত বিশ্ব শৰ্মা

 06/28/2019 - 19:42

লখিমপুৰঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি ১১০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষ ৰোপণ কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী নৱ কুমাৰ দলে, পীযূষ হাজৰিকা আৰু সাংসদ প্ৰদান বৰুৱা। বিশেষ বিমানেৰে লীলাবাৰী বিমানবন্দৰত অৱতৰন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত উপস্থিত হৈ ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ পৰিবেশ উন্নয়ন হ’লে সমাজ আৰু দেশৰ উন্নতি সাধন হ’ব। অনতি পলমে নিৰ্মাণ কাৰ্য চলি থকা চিকিৎসা মহাবিদ্যালয়খনি ৰাইজৰ সেৱাৰ বাবে আগবঢ়োৱা হ’ব। বৰ্তমান চৰকাৰে নিকা ভাবমুৰ্তিৰে উন্নয়নৰ কাম কৰি আছে। লাগে মাথোঁ ৰাইজৰ সহযোগ। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে উত্তৰ লখিমপুৰ জিলা পুথিভঁৰালত অনুষ্ঠিত এখন সভাত উপস্থিত থাকি বিশেষ পাৰদৰ্শিতা দেখুউৱা আত্ম সহায়ক গোটসমূহক সম্বৰ্ধনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।