উত্তৰ গুৱাহাটীত গছ পুলি ৰোপণ

 06/28/2019 - 19:49

উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ গোপীনাথ মন্দিৰ চৌহদত আজি গছ পুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচী মুকলি কৰে স্থানীয় ব্যক্তি সমাজ কৰ্মী সঞ্জীৱ বৰুৱাই। মন্দিৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে সমাজ কৰ্মী কুলেন বড়ো, ৰঞ্জন কুমাৰ শৰ্মা, মুকুটেশ্বৰ গোস্বামীয়ে। বকুল, নাহৰ আৰু কদম গছৰ পুলি ৰোপন কৰি গোৱৰ সাৰ আৰু ফেন্সিং দিয়া হয়।

ইয়াৰ পূৰ্বে শিলসাঁকো ৰাজহুৱা কালি মন্দিৰ সমীপতো বকুল গছ পুলি ৰোপন কৰা হয়। এই গছ পুলি ৰোৱাৰ মূল উদ্দেশ্য হ’ল সমাজত গছ পুলি ৰোৱাৰ বাবে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টি কৰা। আয়োজক সমিতি উত্তৰ গুৱাহাটী পৰিবেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সভাপতি অনুপম বেজবৰুৱাই এই কাৰ্যসূচী সক্ৰিয় অংশগ্ৰহণৰে সফল কৰি তোলা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।