কলিয়াবৰত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰ মুকলি

 06/28/2019 - 19:56

কলিয়াবৰঃ কলিয়াবৰত জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই আজি অসম শক্তি বিতৰণ নিগম লিমিটেডৰ নিয়ন্ত্ৰণ আৰু বিতৰণৰ এটা উপ-কেন্দ্ৰ সেৱা উদ্বোধন কৰে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নলতলিত স্থাপন কৰা অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এই নৱ-নিৰ্মিত নিয়ন্ত্ৰণ আৰু বিতৰণ উপ-কেন্দ্ৰটি উদ্ধোধন কৰি কলিয়াবৰৰ বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে দীনদয়াল উপাধ‍্যায় গ্ৰাম‍ জ‍্যোতি যোজনাৰ অন্তৰ্গত এই কেন্দ্ৰটোৱে কলিয়াবৰৰ বৃহৎ অঞ্চলটোৰ প্ৰয়োজনীয় বিদ‍্যুতৰ যোগান ধৰিবলৈ সক্ষম হ'ব।

মুঠ ২×৫এম. ভি. এ. ৩৩/১১ কে. ভি. শক্তি ক্ষমতা সম্পন্ন এই উপ-কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱাল, মুখ‍্য মহা প্ৰৱন্ধক ধ্ৰুৱজ‍্যোতি হাজৰিকা, দিপাঙ্কৰ নাথ তথা বিদ‍্যুত বিভাগৰ উচ্চ-পদস্থ বিষয়াবৰ্গও উপস্থিত থাকে।

তদুপৰি এই সভাত সাধাৰণ গ্ৰাহক আৰু বাণিজ‍্যক গ্ৰাহকৰ প্ৰয়োজনীয় বিদ‍্যুৎ যোগানৰ সুবিধাৰ কাৰণে বিদ‍্যুৎ বিভাগে যাৱতীয় ব‍্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব বুলি মন্ত্ৰী তথা বিষয়াবৰ্গই সভাত উপস্থিত ৰাইজক অৱগত কৰে। আনহাতে অসম শক্তি বিতৰণ নিগম লিমিটেডৰ এই কাৰ্য্যসূচীক কলিয়াবৰৰ নলতলিবাসী ৰাইজে আদৰণি জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।