বাক্সাত শোকাৱহ ঘটনাঃ দুই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বিষপান

 06/28/2019 - 20:09

বৰপেটাঃ বাক্সাৰ কাজিয়ামাটিত শোকাৱহ ঘটনা৷ দুই স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বিষপান৷ হাস্পতাললৈ নিয়াৰ পথত মৃত্যুমুখত পৰে কিশোৰী ছাত্ৰীগৰাকী৷ কাজিয়ামাটি গাঁৱৰ ঈদগাহ ময়দানত বিদ্যালয়ৰ গণবেশ পৰিধান কৰি অচেতন অৱস্থাত পৰি আছিল ছাত্ৰ-ছাত্ৰী দুগৰাকী৷ গাঁৱৰ একাংশ লোকে ছাত্ৰ-ছাত্ৰী দুগৰাকীক চটফটাই পৰি থকা প্ৰত্যক্ষ কৰে৷

লগে লগে পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লৈ যায় বৰপেটাৰোড হাস্পতাললৈ৷ পিছে দুৰ্ভাগ্যজনকভাৱে আদবাটতে মৃত্যু হয় কিশোৰীজনীৰ। জানিব পৰা মতে বাক্সাৰ কাজিয়ামাটি গাৱত ঘৰ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ৷ কিশোৰীজনীৰ নাম মামনি খাতুন (১৬ বছৰ) আৰু কিশোৰটোৰ নাম আব্দুল আলী (১৬)৷ দুয়ো চুক্ৰুংবাৰী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়ন কৰি আছিল৷

প্ৰেমৰ বাবেই দুয়ো বিষপান কৰাৰ সন্দেহ পৰিয়ালৰ৷ স্কুল চুটীৰ পিছতে কিশোৰ-কিশোৰী হালে বিষ পান কৰাৰ সন্দেহ৷ ইপিনে আব্দুল আলী নামৰ কিশোৰটোক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ৷ এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।