নতুন শিক্ষানীতিৰ বিৰুদ্ধে বৰপেটাত ছাত্ৰ মুক্তিৰ অৱস্থান ধৰ্মঘট

 06/28/2019 - 20:12

বৰপেটাঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিয়ে নতুন শিক্ষানীতিৰ কেইবাটাও বিষয়ৰ ওপৰত আপত্তি কৰি আজি বৰপেটাত গ্ৰহণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তেওঁলোকে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষানীতিত তিনিটা ভাষা (ইংৰাজী, হিন্দী আৰু এটা আঞ্চলিক ভাষা) বাধ্যতামূলক কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

যাৰ জৰিয়তে অসমৰ দৰে ৰাজ্যত য'ত সকলো জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে স্বাভাৱিকতে অসমীয়া ভাষাৰ প্ৰতি এক সংকট নামি আহিব। যাৰ ফলত সকলো জাতি, জনজাতি আৰু জনগোষ্ঠীৰ পৰা অসমীয়া ভাষা পর্যায়ক্ৰমে আঁতৰি আহিব। নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দক্ষিণ ভাৰতত ব্যাপক প্ৰতিবাদ হৈছে, অনুৰূপ ধৰণে সমগ্ৰ অসমৰ লগতে আজি বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও বৰপেটাত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

উক্ত কাৰ্যসূচীত গণ মুক্তি সংগ্ৰাম অসমৰ আহ্বায়ক হুছেইন মহম্মদ ছাহজাহান, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, বৰপেটা জিলা কৃষক মুক্তিৰ সম্পাদক কাজী নাজিমূল হক, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সভাপতি ৰেজ্জাক খান, সম্পাদক আশ্ৰাফুল হুছেইন, গুৱাহাটী বিশ্ববিদ্যালয় সমিতিৰ প্ৰাক্তন সম্পাদক বাবুল হুছেইন আদিয়ে ভাষণ প্ৰদান কৰে। কাৰ্যসূচীৰ অন্তত বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰদান কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।