নিৰীহ লোকক আটক কৰাক কেন্দ্ৰ কৰি গৌৰীপুৰ থানা ঘেৰাও ৰাইজৰ

 06/28/2019 - 20:32

গৌৰীপুৰঃ নিৰীহ লোক এজনক আৰক্ষীয়ে আটক কৰাক কেন্দ্ৰ কৰি আজি গৌৰীপুৰ থানা ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ৷ আবেদ আলীক বিনাচৰ্তে মুক্তিৰ দাবীত ৰাইজৰ প্ৰতিবাদ৷ উল্লেখ্য যে যোৱা নিশা গৌৰীপুৰৰ মাটিয়াবাগৰ বাসিন্দা তথা মটৰচাইকেল গেৰেজৰ মালিক আবেদ আলীৰ ঘৰত সেনা আৰু গৌৰীপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই অস্ত্ৰ উদ্ধাৰ কৰি আবেদ আলীক আটক কৰি গৌৰীপুৰ থানালৈ নিয়ে৷

আবেদৰ ঘৰৰ চিলিং আৰু ৰাস্তাৰ দূৰত্ব নাই৷ এয়া কোনোবা দুষ্টচক্ৰৰ ষড়যন্ত্ৰ বুলি ব্যক্ত কৰি অঞ্চলটোৰ ৰাইজে থানাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে৷ আনকি বিনাচৰ্তে আবেদ আলীক মকলি কৰি দিয়াৰ দাবী জনায় ৰাইজে। লগতে ষড়যন্ত্ৰকাৰীক আটক কৰি শাস্তিৰ দাবী জনাইছে ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।