গংগাৰ বুকুত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

 03/18/2019 - 14:45

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে জলপথেৰে।

আজিৰেপৰা ৩ দিনীয়া ভ্ৰমণ সূচীৰে আৰম্ভ কৰিব এই গংগা যাত্ৰা। এখন ষ্টিমাৰ বোটেৰে গংগাৰ বুকুয়েদি যাত্ৰা আৰম্ভ কৰিব প্ৰিয়ংকাই।প্ৰয়াগৰাজৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ সামৰণি পৰিব বাৰানসীত। যাত্ৰাৰ সময়ত তেওঁ বিভিন্ন ঘাটত ৰৈ স্থানীয় লোকৰ সৈতে ভাৱবিনিময় কৰাৰ লগতে চলাব নিৰ্বাচনী প্ৰচাৰ।

তেওঁৰ যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ১৪০ কিল'মিটাৰ। উল্লেখ্য যে, গংগা বুকুয়েদি নিৰ্বাচনী প্ৰচাৰৰ বাবে কংগ্ৰেছে চৰকাৰৰ পৰা ২৫ টা চৰ্তৰ বিনিময় আদায় কৰিবলগীয়া হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।