যােগ অলিম্পিয়াড অসমৰ নাম উজ্বলালে চাবুৱাৰ তামান্নাই

 06/28/2019 - 20:34

ডিব্ৰুগড়ঃ ৰাজ্যিক যােগ অলিম্পিয়াড ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দিল্লীত ১৮ জুনৰ পৰা ২০ জুনলৈ অনুষ্ঠিত হোৱা প্রতিযোগিতা অসমৰ পৰা ১৬ জনে প্রতিযোগিতাত অংশগ্রহণ কৰিছিল যদিও ৩২ খন ৰাজ্যৰ ভিতৰত অসমৰ পৰা ৪ জনীয়া ছোৱালীৰ এটা দলে দ্বিতীয় স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

চাবুৱাৰ অসম বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্রী তামান্না বৰুৱাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগেই তামান্নাক আদৰণি জনাই মটক যুৱ ছাত্ৰ পৰিষদৰ প্রাক্তন সভাপতি যুগল বৰুৱাই। আনহাতে তামান্নাৰ এই সফলতাই সমগ্ৰ অসমৰ লগতে চাবুৱাবাসীকে গৌৰৱান্বিত কৰি তুলিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।