ধিতাইপুখুৰী গ্ৰামীণ বিকাশ বেংকৰ বিৰুদ্ধে অভিযোগ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

 06/28/2019 - 20:43

নাজিৰাঃ অসম গ্ৰামীণ বিকাশ বেংক শিৱসাগৰ ধিতাইপুখুৰী শাখাৰ শাখা প্ৰৱন্ধকৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ উঠিছে৷ শীঘ্ৰে নিলম্বনৰ দাবী জনালে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ লগতে গ্ৰাহকসকলে৷ বেংকটোৰ শাখা প্ৰৱন্ধক ৰঘুনন্দন শইকীয়া আৰু জমাকাৰী ৰাভা নন্দ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।

স্থানীয় বৃহত্তৰ অসমীয়া যুৱ মঞ্চ শিমলুগুৰি আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গ্ৰামীণ বিকাশ বেংক শিৱসাগৰ ধিতাইপুখুৰী শাখাৰ শাখা প্ৰৱন্ধক আৰু জমাকাৰীয়ে বেংকলৈ ভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজক বহুত দিনৰ পৰা হাৰাহাস্তি কৰি আহিছে আৰু বেংকলৈ অহা ৰাইজৰ কোনো কামেই গুৰুত্ব নিদি ম'বাইলত ব্যস্ত হৈ থাকে। তদুপৰি প্ৰতিটো কথাই ৰাইজক দম্ভালি মাৰি কোৱাৰো অভিযোগ উঠিছে এই দুই কৰ্মচাৰীৰ বিৰুদ্ধে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।