গেলাবিল নদীৰ সুঁতিত গা ধুবলৈ গৈ ছাত্ৰৰ মৃত্যু

 06/28/2019 - 20:54

দেৰগাঁওঃ সমনীয়াৰ লগত গা ধুৱলৈ গৈ আজি বিয়লি ৩ মান বজাত গেলাবিল নদীৰ সুঁতিত এজন ছাত্ৰৰ মৃত্যু হয়। জানিব পৰা মতে দেৰগাঁৱৰ পূৱ ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দিচৈ দীঘলীপাম গাঁৱৰ মণ্টু আলী আৰু ৰুনা জাহানৰ পুত্ৰ চাইফুল আহমেদে (১১)সমনীয়াৰ লগত গেলাবিল নদীৰ এটি সুঁতিত গা ধুই থাকোতে হঠাৎ নদীৰ গভীৰতাৰ মাজত সোমাই পৰে।

সমনীয়াকেইজনে চিঞৰ বাখৰ কৰাত নদীৰ কাষৰে বাসিন্দা ছাত্ৰজনৰ সম্পৰ্কীয় ইদ্ৰিছ আলী নামৰ ব্যক্তিজনে ছাত্ৰজনক পানীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ দেৰগাঁও ত্ৰিছ খন বিছনাযুক্ত চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে মৃত ঘোষনা কৰে। ছাত্ৰজন দেবেন শৰ্মা প্ৰাৰ্থমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছিল। ছাত্ৰজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।