বোকাজানঃ বোকাজান নগৰৰ সমীপৱৰ্তী নাওঘাট অঞ্চলত আজি সংঘটিত হৈছে এগৰাকী শিশুক যৌন নিৰ্যাতনৰ ঘটনা। এগৰাকী ১০ বছৰীয়া শিশুক শাৰীৰিক নিৰ্যাতন চলালে এটা লম্পটে। ঘটনাৰ বিৱৰণী অনুসৰি গোলাঘাট জিলাৰ চুঙাজান অঞ্চলৰ জনৈক ছেত্ৰী নামৰ ১০ বছৰীয়া শিশুটিয়ে আবেলি ভাগত বিদ্যালয় ছুটীৰ পাছত ঘৰলৈ আহি আছিল৷
তেনে সময়তে বোকাজানৰ নাওঘাট অঞ্চলৰ দেৱ তাঁতী (১৯) নামৰ লম্পটটোৱে শিশুটিক পথৰ পৰা টানি লৈ নিৰ্জন ঠাইত প্ৰাণে মৰাৰ ভাবুকি দি শাৰীৰিক নিৰ্যাতনৰ চেষ্টা চলোৱাৰ সময়তে শিশুটিয়ে চেগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে। আৰু ঘৰত ঘটনা সন্দৰ্ভত কান্দি কান্দি নিজ পিতৃ-মাতৃক অৱগত কৰে।
তাৰ পাছতেই সমগ্ৰ ঘটনাৰ খবৰ অঞ্চলটোত বিয়পি পৰাত স্থানীয় ৰাইজে লম্পটটোক বিচাৰি বোকাজানৰ নাওঘাটস্থিত লম্পটটোৰ ঘৰ ঘেৰাও কৰে আৰু লম্পটটোক ঘৰৰ পৰা চোঁচৰাই আনি উত্তেজিত জনতাই উত্তম মধ্যম দি বোকাজান আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে পৰৱৰ্তী সময়ত বোকাজান আৰক্ষী থানাত দুয়ো পক্ষই এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।