লাফিকুল ইছলামৰ হত্যাকাৰী গ্ৰেপ্তাৰৰ দাবীত মুছলপুৰত এবিএমছুৰ প্ৰতিবাদ

 06/28/2019 - 21:17

মুছলপুৰঃ বিটিএডিৰ কোকৰাঝাৰ চহৰৰ মাজমজিয়াত ২০১৭ চনৰ ১ আগষ্টত গুলীয়াই হত্যা কৰিছিল এবিএমছু নেতা লাফিকুল ইছলামক। কিন্তু আজি পৰ্যন্ত লাফিকুল ইছলামৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হৈছে অসম আৰক্ষী। লগতে ন্যায় পোৱাৰ পৰা বঞ্চিত হৈ থাকিল দুৰ্ভগীয়া পৰিয়ালটো। যাৰ বাবে অতিশীঘ্ৰে ছাত্ৰ নেতাজনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবা শতাধিক এবিএমছুৰ সদস্যই বাক্সা জিলাৰ সদৰ মুছলপুৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ মুৰ্দাবাদ ,বিটিচি চৰকাৰ মুৰ্দাবাদ, লাফিকুল ইছলামৰ হত্যাকাৰী অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি বিভিন্ন শ্লোগানেৰে মুছলপুৰৰ আকাশ বতাহ কপাই তুলে। ইফালে প্ৰতিবাদকাৰীসকলে এনআৰচিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাৰ অভিযোগ কৰি এখন শুদ্ধ এনআৰচি হোৱাৰ দাবী জনায়। লগতে দ্বি ভোটাৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদকাৰীসকলে আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।