নাৰায়ণপুৰৰ এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ বেদনা

 06/28/2019 - 21:23

নাৰায়ণপুৰঃ নাৰায়ণপুৰৰ এখন অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষকৰ বেদনা। এই কাহিনী লখিমপুৰ জিলাৰ নাৰায়নপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত চামগুৰি গাঁৱৰ। অশেষ কষ্ট কৰিও ১৮৮৬ চনতে স্থাপন কৰা মাহ ধোৱা প্ৰাথমিক বিদ্যালয়খনে আজিও কোনো এখন চৰকাৰ বা জনপ্ৰতিনিধিৰ সুদৃষ্টি লাভ কৰিবলৈ সক্ষম নহ’ল।

আন বৃত্তিৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাৰ মানসেৰে ৰুদ্ৰ প্ৰসাদ খনাল নামৰ এগৰাকী শিক্ষকৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। এটি জুপুৰি ঘৰতেই পত্নীসহ এহাল ল'ৰা-ছোৱালীৰে জীৱন নিৰ্বাহ কৰা শিক্ষকগৰাকীয়ে প্ৰতিমুৰ্হূততে ৰাইজৰ হাতলৈ হাত পাতি আহিছিল যদিও শেহতীয়াকৈ শিক্ষকগৰাকীৰ কাষলৈ চাপি আহিল আন এক ভয়ংকৰ অমানিশা।

পৰিয়াল পৰিচালনা কৰাৰ ক্ষেত্ৰত অপাৰগতা অনুভৱ কৰি অহাৰ সময়তে শিক্ষকগৰাকীৰ পত্নী গংগা দেৱীৰ শৰীৰত থিতাপি লয় কৰ্কট ৰোগৰ দৰে ভয়ংকৰ ৰোগে। যাৰ বাবে এতিয়া শিক্ষক ৰুদ্ৰ প্ৰসাদ খনালৰ পেটত ভৰি লুকুৱাৰ বেদনা। এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত শিক্ষা প্ৰদান কৰি অহা শিক্ষকগৰাকীৰ পত্নী গংগা দেৱীৰ এনে ৰোগে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে পৰিয়ালটোৱে।

এনে জটিল ৰোগৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত অপাৰগ হৈ পৰা অৱস্থাত বৰ্তমান চৰকাৰে প্ৰদান কৰা অটল অমৃত যোজনাৰ জৰিয়তেও আজি পৰ্যন্ত এটকাও লাভ কৰিবলৈ সক্ষম নহ’ল। যাৰবাবে শেহতীয়াকৈ হ’লেও শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ কাতৰ অনুৰোধ কৰি এনে সংকটৰ সময়ত পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। আনহাতে দুৰ্ভগীয়া পৰিয়ালটোলৈ কিছু পৰিমাণে সকাহ হোৱাকৈ ৮০১১১৮১৪৫৪ ম’বাইল নম্বৰত খবৰ কৰিবলৈও অনুৰোধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।