06/29/2019 - 12:11
in
মাজুলীঃ মাজুলী প্ৰশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বাতিল কৰিছে মাজুলী নিমাতীৰ মাজত চলাচল কৰা এটা ইঞ্জিনযুক্ত সকলো ফেৰী। বিগত কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত ফেনে ফোটোকাৰে অস্বাভাৱিক হাৰত বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
বৰলুইতত মাত্ৰ ৩ খন জাহাজ চলাচল কৰাৰ বাবে ঘন্টা ঘন্টা ধৰি পাৰঘাটত আৱদ্ধ হ'বলগীয়া হয় শ-শ যাত্ৰী। লুইতৰ জলপৃষ্ঠ হ্ৰাস নোপোৱা পৰ্যন্ত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। হঠাতে ফেৰী সেৱা বন্ধ হোৱাৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মাজুলীবাসীৰ মাজত।