06/29/2019 - 12:45
in
খাৰুপেটিয়াঃ দৰঙৰ শ্যামপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মৰিগাঁৱৰ দুৰ্ধৰ্ষ গড় চিকাৰী জাকিৰ হুছেইন। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী বগ্ৰীবাৰি গাঁৱৰ পৰা গ্ৰেপ্তাৰ জাকিৰ হুছেইনক। গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰে ধৃত জাকিৰ হুছেইনে।
কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা সুৰেশ হাম্ৰেন নামৰ চিকাৰীজনৰ লগত গঁড় হত্যাৰ কাৰণে উদ্যানখনত প্ৰৱেশ কৰিছিল যদিও এন্ধাৰৰ সুযোগলৈ পলাবলৈ সক্ষম হৈছিল ধৃত জাকিৰ হুছেইন। দুৰ্ধৰ্ষ গড় চিকাৰীটোৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত বুলি জানিব পৰা গৈছে।