পুনৰ পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি

 03/18/2019 - 15:04

গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য। সোমবাৰৰ পৰা বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজিৰ পৰা গুৱাহাটীত প্ৰতিলিটাৰৰ পেট্ৰ’লৰ দাম হ’ল ৭২.৩৯ টকা। প্ৰতিলিটাৰত পেট্ৰ’লৰ দাম বৃদ্ধি পালে ২পইচালৈ। ইয়াৰ পূৰ্বেও দেওবাৰে বৃদ্ধি পাইছিল পেট্ৰ’লৰ দাম। প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি পাইছিল ৮পইচাকৈ।

আনহাতে, পেট্ৰ’লৰ লগতে ডিজেলৰ দামো বৃদ্ধি পোৱা দেখা গ’ল। এতিয়া প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৭.৮১ টকা। প্ৰতিলিটাৰ ডিজেলৰ মূল্য বৃদ্ধি পালে ১৫ পইচালৈ। পূৰ্বে পেট্ৰ’লৰ দাম বৃদ্ধি পোৱাৰ পৰিৰ্ৱতে বৃদ্ধি পোৱা নাছিল ডিজেলৰ দাম কিন্তু আজিৰ পৰা পেট্ৰ’লৰ লগতে ডিজেলৰ মূল্যও বৃদ্ধি পোৱা দেখা গ’ল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।