বিশ্বকাপৰ বা-বতৰা

 06/29/2019 - 13:52

 ডিজিটেল ডেস্কঃ আইচিচি বিশ্বকাপ ক্ৰিকেট-২০১৯ ৰ শুকুৰবাৰৰ ৩৫ সংখ্যক মেচত ছাউথ আফ্ৰিকাই পৰাস্ত কৰে শ্ৰীলংকাক। প্ৰথমে বেট ধৰি শ্ৰীলংকাই ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০৩ ৰান সংগ্ৰহ কৰে।

তাৰ বিপৰীতে ছাউথ আফ্ৰিকাই ৩৭.২ অভাৰত ১ টা উইকেট হেৰুৱাই ২০৬ ৰান কৰি জয়ী হয়। ছাউথ আফ্ৰিকাৰ ডেৰউইন পেট্ৰ’ৰিয়াছে ১০ অভাৰত ২৫ ৰান দি ৩ টা উইকেট দখল কৰি মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

আজি বিশ্বকাপ ক্ৰিকেটত দুখনকৈ অৰ্থাৎ ৩৬ আৰু ৩৭ সংখ্যক মেচ অনুষ্ঠিত হ’ব। প্ৰথমখন মেচ বিয়লি ৩ বজাৰ পৰা পাকিস্তান আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব লীডছৰ হেডিংলে খেলপথাৰত।

দ্বিতীয়খন খেল সন্ধিয়া ৬ বজাৰ পৰা লণ্ডনৰ লৰ্ডছ খেলপথাৰত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।