গোৰেশ্বৰঃ ভাৰত ভূটান সীমান্তৰ দেউচুঙাত নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা হাতীৰ জাকে অঞ্চলসমূহত চলাই আহিছে উপদ্ৰৱ৷ বন্যহস্তীৰ উপদ্ৰৱে আতংকৰ সৃষ্টি কৰিছে গঞাৰ মাজত৷ ফলত বিনিদ্ৰ ৰজনী কটাইছে সীমান্তৱৰ্তী অঞ্চলৰ গঞাই৷ হাতত যাঠি, জোং, ব’ম-ফটকাৰে ৰাতি হাতী খেদাত ব্যস্ত থাকে দেউচুঙাবাসী।
আনহাতে বনবিভাগেও হাতী খেদাত ব্যৰ্থ হৈছে যদিও ৰাইজৰ সহযোগত সজাগত সভা পাতি সজাগ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইপিনে বন্যহস্তীয়ে বৃহস্পতিবাৰে নিশা দেউচুঙা গাঁৱৰ ৰবীৰাম বড়ো, গৌতম বড়ো, যতীন বড়োৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে৷ চৰকাৰী আোস যোজনাৰ পৰা লাভ কৰা হিতাধিকাৰীৰ আৱাস গৃহও ভাঙি পেলায় হাতীৰ জাকে।
আনহাতে বুধবাৰে নিশাও দেউচুঙাৰ গাঁৱৰ ৰাজকুমাৰ বিশ্বকৰ্মা চৰকাৰী আৱাস গৃহকে ধৰি কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ভাঙি চূৰমাৰ কৰে। এতিয়া আতংকিত ৰাইজে চৰকাৰে শীঘ্ৰে হাতী মানুহৰ সংঘাত দূৰ কৰাৰ লগতে অঞ্চলবাসীক হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷