ডিজিটেল ডেস্কঃ টেক্সি, অট'ৰিক্সাৰে যাত্ৰা কৰা যাত্ৰীয়ে কেতিয়াবা ড্ৰাইভাৰৰ ৰূপত থকা অপৰাধীৰ কবলত পৰি সৰ্বস্ব হেৰুৱাবলগীয়া হয়। কেতিয়াবা যাত্ৰীৰ মৃত্যু পৰ্যন্ত হোৱা খবৰো পোৱা যায়। যাত্রীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুগল মেপছে মুকলি কৰিলে এক নতুন বৈশিষ্ট্য ‘ষ্টে ছেফাৰ’। এই নতুন বৈশিষ্ট্যৰ সহায়ত নির্দিষ্ট দিশে গৈ থকা টেক্সিয়ে কোনাে কাৰণত যাত্ৰীক ভুল পথে নিয়াৰ চেষ্টা কৰিলে এই বিষয়ে অৱগত হ'ব পাৰিব যাত্রীয়ে।
নির্দিষ্ট গতিপথৰ বিপৰীতে যাত্রীক ০.৫ কিলােমিটাৰ বিপথে লৈ গ'লেই গুগল মেপছে নির্দিষ্ট যাত্রীগৰাকীক নটিফিকেচন প্রেৰণ কৰিব আৰু ইয়াৰ পিচতে নির্দিষ্ট যাত্ৰীগৰাকীয়ে তেওঁৰ প্রকৃত গতিপথৰ তথ্য লাভ কৰিব পাৰিব। লগতে যাত্রীগৰাকীয়ে এই লাইভ ট্রীপ পৰিয়ালবৰ্গৰ লগতে বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব পাৰিব। গুগলৰ এই পদক্ষেপে নিশ্চয়কৈ যাত্ৰীৰ সুৰক্ষা প্ৰদানত সহায় কৰিব।