চামগুৰিঃ চামগুৰিৰ শালনা আৰক্ষী চকী সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আটছাৰ কলিয়াবৰ শাখা সমিতিৰ প্ৰায় শতাধিক নেতা-কৰ্মী আৰু একাংশ শ্ৰমিক মহিলা সমবেত হৈ অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ কাৰ্যালয়ত একাংশ বিতৰ্কিত ব্যক্তিয়ে চলাই অহা দুৰ্নীতি আৰু বিশৃংখলতাৰ অভিযোগ উত্থাপন কৰি আৰক্ষী চকীৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
উল্লেখ্য যে অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখা কাৰ্যালয়ে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা জাতিৰ প্ৰ-পত্ৰসমূহত চূড়ান্ত বিসংগতি তথা জালিয়াতি কৰাৰ এক গুৰুতৰ অভিযোগ বিতৰ্কিত সভাপতি বিন্দু গঞ্জু আৰু সচিব বিনয় ৰবিদাসৰ বিৰুদ্ধে উত্থাপন কৰিছে আটছাৰ নেতৃত্বই।
ইফালে বিতৰ্কিত সভাপতি বিন্দু গঞ্জুক সমিতিৰ সমূহ সদস্যৰ সিদ্ধান্ত মৰ্মে নিলম্বিত কৰাৰ পিছতো ৰহস্যজনকভাবে সচিবৰ লগত গোপন মিতিৰালি কৰি গঞ্জুৱে সংঘৰ সমূহ কাৰ্যতে অনাধিকাৰ হস্তক্ষেপ কৰাৰো অভিযোগ উত্থাপন কৰিছে আটছাৰ নেতা-কৰ্মীয়ে।
এই সমগ্ৰ বিসংগতিপূৰ্ণ ঘটনাৰ বিষয়ে সোধ-পোছৰ বাবে আটছাৰ কলিয়াবৰ শাখা কমিটিৰ একাংশ নেতা-কৰ্মী শালনাস্থিত সংঘৰ কাৰ্যালয়লৈ যোৱাত খৰ্গগ্ৰস্ত হৈ নিলম্বিত সভাপতি বিন্দু গঞ্জু আৰু বিতৰ্কিত সচিব বিনয় ৰবিদাসে সেই সন্দৰ্ভত শালনা আৰক্ষী চকীত এখন ভুৱা গোচৰৰ এজাহাৰ দাখিল কৰাক কেন্দ্ৰ কৰি সম্প্ৰতি চূড়ান্তভাবে ক্ষুব্ধ হৈ পৰিছে আটছাৰ নেতা-কৰ্মীসকল।
যাৰ বাবে শালনা আৰক্ষী চকী সন্মুখত আটছাৰ কলিয়াবৰ শাখাৰ শতাধিক নেতা-কৰ্মী আৰু শ্ৰমিক মহিলা সমবেত হৈ নিলম্বিত সভাপতি তথা বিতৰ্কিত সচিবজনৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে স্থানীয় আৰক্ষী ওচৰত দাবী উত্থাপন কৰিছে যে ভুৱা গোচৰ ৰুজু কৰা আৰু ভুৱা জাতিৰ প্ৰ-পত্ৰ প্ৰদান কৰা বিতৰ্কিত সভাপতি আৰু সচিবজনৰ ওপৰত আৰক্ষী আৰু অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰি বৃহত্তৰ অঞ্চলটোৰ চাহ শ্ৰমিক ৰাইজক সুৰক্ষা প্ৰদান কৰিব লাগে।