অমৰনাথ যাত্ৰাত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ ভয়ংকৰ আক্ৰমণৰ সম্ভাৱনা

 06/29/2019 - 15:03

ডিজিটেল ডেস্কঃ এক জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাত এতিয়া সকলো লোক আত‌ংকিত। গোপন সূত্ৰৰ মতে জানিব পৰা গৈছে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদে বালতাৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাৰ সময়ত নিয়োজিত থকা সুৰক্ষাকৰ্মীসকলক আক্ৰমণ কৰা সম্ভাৱনা আছে।

এই সন্দৰ্ভত মাল্টি এজেঞ্চি চেণ্টাৰে প্ৰস্তুত কৰা এক বিশেষ ৰিপ'ৰ্ট অনুসৰি জম্মু কাশ্মীৰৰ গাণ্ডৰবল আৰু কংগনৰ পাহাৰীয়া এলেকাত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা বুলি এক বিশেষ তথ্য পোৱা গৈছে। অমৰনাথ যাত্ৰাৰ বাবে দুটা পথ মুকলি কৰা হৈছে। ইয়াৰে এটা পথ হ'ল বালতাল পথ এই পথটোৰ পৰাই ১জুলাই পৰা আৰম্ভ হ'ব অমৰনাথ যাত্ৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.