প্ৰেম প্ৰত্যাখানৰ কৰুণ পৰিণতি

 03/18/2019 - 17:10

নতুন দিল্লীঃ দিল্লীৰ ফিৰোজাবাদত আজি এক হত্যাকাণ্ড পোহৰলৈ আহে । এজন ১৭ বছৰীয়া কিশোৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক কেৱল মাত্ৰ প্ৰেম প্ৰত্যাখান কৰাৰ বাবে হত্যা কৰে নিজৰ শৈশৱৰ বান্ধৱীকেই।

দুয়োজনেই বাল্যকালৰ বন্ধু। বয়সত কিশোৰজন ৩ বছৰ ডাঙৰ হ’লেও একেলগেই দুয়ো স্কুললৈ যায়, টিউচন কৰে। ৩ বছৰ পূৰ্বে কিশোৰজনে কিশোৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও তাই সেয়া প্ৰত্যাখ্যান কৰে। ফলত কিশোৰীগৰাকীৰ প্ৰতি প্ৰতিশোধৰ ভাৱ জাগি উঠাত কিশোৰজনে তাইক হত্যা কৰাৰো পৰিকল্পনা কৰে।

যোৱা শনিবাৰে দুয়ো ওচৰৰে এটা ছবিগৃহত চিনেমা চাবলৈ যায়। চিনেমা চাই ঘৰলৈ ওভতাৰ পথত জিলমিল মেট্ৰ’ ষ্টেছনৰ সমীপত থকা এটা নিৰ্মীয়মান অট্টালিকালৈ সি কিশোৰীগৰাকীক লৈ গৈ পানীয়ৰ সৈতে নিচাযুক্ত দৰৱ মিহলাই তাইক অচেতন কৰে।

ইয়াৰ পিছতে কিশোৰজনে কিশোৰীগৰাকীৰ হাত ভৰি বান্ধি শিলেৰে থেতেলিয়াই হত্যা কৰে।ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে মৃত কিশোৰীগৰাকীৰ লগতে হত্যাকাৰীক আটক কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।