06/29/2019 - 15:39
in
নলবাৰীঃ চৰকাৰী কাৰ্যালয় নহয় মৎস্য চিকাৰৰ স্থলী হৈ পৰিছে নলবাৰীৰ বিভিন্ন অঞ্চল। যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানপানীয়ে বুৰাই পেলাইছে সমগ্ৰ নলবাৰী চহৰ। চৰকাৰী কাৰ্যালয়সমূহৰ কাম-কাজত ব্যাঘাত হোৱাৰ লগতে দ অঞ্চলত বাস কৰা বাসিন্দাসকল জলবন্দী হৈ ঘৰতে আবদ্ধ হৈ পৰিছে। নলবাৰী পৌৰ সভাৰ কাণ্ড জ্ঞানহীনতাৰ বাবে যমৰ যাতনা সহিব লগা হৈছে নলবাৰী চহৰবাসীয়ে।
উল্লেখযোগ্য যে সময়ত নলা-নদৰ্মা চাফ চিকুণ নকৰি উন্নয়নৰ বাবে অহা অধিকাংশ ধন পৌৰসভাৰ প্ৰতিনিধিয়ে ঠিকাদাৰৰ লগত মিলি চৰকাৰী ধনৰ শ্ৰাদ্ধ পাতি আহিছে। যাৰ ফলত নলবাৰী চহৰৰ কেইবাটাও কাৰ্যালয়ৰ কাম-কাজ স্থবিৰ হৈ পৰিছে। চহৰখনৰ মাজমজিয়াত থকা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ভিতৰে বাহিৰে কেৱল পানী। তদুপৰি উপায়ুক্তৰ কাৰ্যালয়, নলবাৰী কলেজ ৰোডৰ লগতে বিভিন্ন উপপথসমূহ কৃত্ৰিম বানত বুৰ গৈছে।