লাহৰীঘাটঃ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সাত বছৰ পিছতো সম্পন্ন নহ’ল মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সোণডুবাৰ দলঙৰ কাম। যাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে কেইবাখনো গাঁৱৰ ৰাইজে। সোণডুবা-বৰালিমাৰী সংযোগী পথটোৰ দলংখনৰ কাম সম্পূৰ্ণ হৈ নুঠাত টুলুঙা নাও, কল গছৰ ভুৰেৰে ৰোগীসকলক চিকিৎসালয়লৈ নিব লগা হৈছে যাতায়তৰ সুবিধা নথকাৰ বাবেই।
সংকটজনক ৰোগীসকল চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি ল’ব লগা হয়। বহু সময়ত টুলুঙা নাও দুৰ্ঘটনাগ্ৰস্ত হৈ বহু লোকৰ সা-সম্পত্তিও বিনষ্ট হৈছে বুলি জানিব পৰা গৈছে। বিশেষকৈ বাৰিষাৰ সময়ত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ ৰাইজে বিপদসংকুলভাৱে টুলুঙা নাৱেৰে যাত্ৰা কৰিব লগা হয়। সময় মতে নাও নোপোৱাত ছাত্র-ছাত্ৰীসকল কেতিয়াবা বঞ্চিত হ’ব লগা হয় বিদ্যালয়ৰ পাঠদান গ্ৰহণৰ পৰা।
দলংখনৰ ঠিকা লাভ কৰা মৰিগাঁৱৰ ঠিকাদাৰ যাদৱ কোঁৱৰ বিজেপি দলৰ এজন নেতা হোৱাৰ বাবেই এনেদৰে তেওঁ মইতালিৰে কাম কৰি আছে বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। এনে ঠিকাদাৰক অতি শীঘ্ৰেই ব্লেক লিষ্টেট কৰি অন্য এজন ঠিকাদাৰক অৰ্ধনিমিত দলংখনৰ ঠিকা দি দলংখনৰ কাম সম্পূৰ্ণ কৰি ৰাইজক যাতায়তৰ বাবে সূচল কৰি দিবলৈ গড়কাপ্টানি বিভাগৰ মন্ত্ৰীক অনুৰোধ জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে। উল্লেখ্য যে সোণডুবাৰ চাৰিখনকৈ দলং এনেদৰে অৰ্ধ নিৰ্মিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।