উত্তৰ গুৱাহাটীত জিএনআৰচিৰ স্বাস্থ্য শিবিৰ

 06/29/2019 - 16:34

উত্তৰ গুৱাহাটীঃ জিএনআৰচি চিকিৎসালয়ৰ উদ্যোগত আজি উত্তৰ গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আয়োজন কৰা হয়। উক্ত শিবিৰত জিএনআৰচি চিকিৎসালয়ৰ পৰা কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে। আজি ডাঃ নয়ন কুমাৰ ফুকনৰ নেতৃত্বত অহা চিকিৎসক দলটোৰ ডাঃ উদয় বড়া, ডাঃ মাখন শৰ্মা, ভাৰতী বৰুৱা আৰু ডাঃ বিশালে চিকিৎসা সেৱা আগবঢ়ায়।

ধীৰেন বৰ্মন, মুনমী শইকীয়া, অনন্ত বৰুৱা, কৌশিক চহৰীয়াই ইচিজি আৰু টেষ্টবোৰ সম্পাদন কৰে। ইয়াৰ পূৰ্বে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে চিকিৎসা শিবিৰটো মুকলি কৰে। নিকেতনৰ প্ৰায় ৬০০ গৰাকী ছাত্র-ছাত্ৰীৰ লগতে ৩৫ গৰাকী আচাৰ্য-আচাৰ্যা তথা কৰ্মচাৰীক এই চিকিৎসা সেৱা প্ৰদান কৰা হয়।

ইয়াৰে ৩০ গৰাকীয়ে ইচিজি কৰাৰ লগতে ব্লাড চুগাৰ টেষ্ট ৩৫ গৰাকীয়ে কৰে বুলি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰে জানিবলৈ দিছে। লগতে কোষাধ্যক্ষ ৰঞ্জন কুমাৰ শৰ্মা, উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই আজিৰ চিকিৎসা শিবিৰটো সফলতাৰে সম্পন্ন কৰাৰ বাবে জি এন আৰ চি ৰ চিকিৎসক দলটোক ধন্যবাদ স্বৰূপে এখনি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।