অসমত কার্লঅনৰ প্ৰশংসনীয় পদক্ষেপ

 06/29/2019 - 16:46

ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্রিয় মেট্রেছ আৰু ফার্নিচাৰ নির্মাতা প্রতিষ্ঠান কার্লঅনে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত শেহতীয়াকৈ অসম তথা উত্তৰ-পূবৰ অর্থনৈতিকভাৱে অনগ্রসৰ লােকসকলৰ মাজত মেট্রেছ, ব্লেংকেট আদি বিতৰণ কৰে। আর্থিক ভাৱে পিচ পৰা শ্ৰেণীৰ শিক্ষার্থীসকলৰ লগতে বনাঞ্চলত বাস কৰা লােকসকলকো এনে সামগ্রী বিতৰণ কৰে প্রতিষ্ঠানটোৱে।

অসমৰ মাজুলীৰ লগতে নাগালেণ্ডৰ কহিমা আৰু টুৱেনচাং জিলাতে এনে কাৰ্যসূচী গ্রহণ কৰা হয়। এই বর্ষত প্রতিষ্ঠানটোৱে ৩,০০০ মেট্রেছ, ব্লেংকেট প্রদান কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। কার্লঅনৰ এনে সামাজিক দায়বদ্ধতা জনসাধাৰণৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।