৫ বছৰে অসম্পূৰ্ণ দলংঃ ৰাইজৰ বিপদসংকুল যাত্ৰা

 06/29/2019 - 16:51

গোলকগঞ্জঃ কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত ধুবুৰী কোকৰাঝাৰ সীমান্ত গড়কাপ্টানি পথ তথা গোসাইগাঁও বাসবাৰী-সংযোগী পথত সুদীৰ্ঘ পাঁচবছৰ ধৰি পথছোৱাত থকা দলং নিৰ্মাণৰ কাম চলি আছে। একেবাৰে লেহেমীয়া গতিত দলং নিৰ্মাণৰ কাম হোৱা বাবে প্ৰতি বছৰে বাৰিষা ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে।

লেহেমীয়া গতিত কাম কৰি ঠিকাদাৰে ইতিমধ্যে তিনিখন দলঙৰ ৮০ শতাংশ কাম কৰিছে যদিও জলডোবাত থকা দলংখনৰ ২০ শতাংশ কামো হোৱা নাই। ফলত কাষেদি থকা উপ দলঙেৰে ৰাইজে যাতায়ত কৰিব লগা হৈছে। কিন্তু হঠাতে হোৱা বৰষুণৰ ফলত পাহাৰীয়া পানী নামি অহাত উপদলংখন পানীত উটি যায়।

ইফালে দলং নোহোৱাত স্থানীয় ৰাইজে কলগছৰ ভূৰ সাজি বিপদসংকুলভাৱে পাৰাপাৰ হৈ আছে। এই ক্ষেত্ৰত গড়কাপ্টানি বিভাগ বা প্ৰশাসনে কোনো গুৰুত্ব দিয়া নাই। এনেদৰে বিপদসংকুলভাৱে পাৰাপাৰ হৈ থাকিলে আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিলে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।