ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত বানত ডুব গৈছে ভৱানীপুৰ

 06/29/2019 - 17:30

কয়াকুছিঃ বিগত তিনি চাৰি দিন নেৰানেপেৰা বৰষুণৰ ফলত বানত ডুব গৈছে ভৱানীপুৰ সমষ্টিৰ কেইবাটাও অঞ্চল। বিশেষকৈ শুকমানাহ, আনন্দপুৰ, পুৰাভড়াল, কহৰা, গলিয়া ইত্যাদি অঞ্চল বানপানীৰ ফলত ডুব গৈছে মানুহৰ ঘৰ-বাৰীৰ লগতে বহু পুখুৰী। ফলত মৎসজীৱীসকলে মূৰে কপালে হাত দিছে। তদুপৰি ঠাই বিশেষে অচলাৱস্থাত পৰিণত হৈছে যাতায়ত ব্যৱস্থা।

যাৰ ফলত এক বিভীষিকাময় পৰিবেশে বিৰাজ কৰিছে অঞ্চলকেইটাত। ইফালে বিদ্যালয়সমূহত চলি আছে অংশকালীন পৰীক্ষা। সেয়ে বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে যাবলগীয়া হৈছে পানীৰ মাজেৰেই। এনে অৱস্থাত যিকোনো মুহূৰ্ততে স্কুলীয়া ছাত্ৰ-ছাত্ৰী দুৰ্ঘটনাত পতিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে। চাৰিওফালে এক হাহাকাৰ পৰিবেশে বিৰাজ কৰাৰ পাছতো জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ আহৰি নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।