গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

 06/29/2019 - 17:49

নাজিৰাঃ ঐতিহাসিক গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা আজি দিন যোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। প্ৰতিবছৰৰ দৰে এইবাৰো আৰম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় গড়গাঁও মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা। আদৰণি সভাত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ নেতা তথা যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, নাজিৰা মহকুমাধিপতি ৰাজীৱ থাপাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি।

মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ আয়োজন কৰা হয়।মহাবিদ্যালয়লৈ নতুনকৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া বাপতি সাহোন হুঁচৰিৰে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে।

নৱাগত আদৰণি সভাৰ প্ৰাকমুহূৰ্তত নিমন্ত্ৰিত অতিথি তথা বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈয়ে মহাবিদ্যালয়ৰ তিনিটি নৱনিৰ্মিত গৃহ শুভ উদ্বোধন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।