উৰিয়ামঘাট-বৰপথাৰ সংযোগী পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীক

 06/29/2019 - 18:16

সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট-বৰপথাৰ সংযোগী ৰেংমা গড়কাপ্টানি পথৰ বিধ্বস্ত ৰূপে জলাকলা খুৱাইছে পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজক। পথটোত সৃষ্টি হৈছে পুখুৰীসদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। এজাক বৰষুণতে পানী জমা হয় পথটোত। ৰেংমা গড়কাপ্টানি পথৰ এনে বিধ্বস্ত ৰূপত অতিষ্ঠ হৈ ৰাজপথলৈ ওলাই আহিল স্থানীয় মহিলা।

অসম নাগালেণ্ড সীমান্তৰ দৈয়াং নদীৰ পৰা পাথৰ আৰু চেণ্ডগ্ৰেভেল সৰবৰাহ কৰা ডাম্পাৰসমূহ উক্ত পথেৰে চলাচল কৰাৰ বাবেই পথটোৰ অৱস্থা বিধ্বস্ত হোৱাৰ অভিযোগ স্থানীয় মহিলাৰ। উল্লেখ্য যে পথৰ বহন ক্ষমতাতকৈ অধিক ওজনৰ পাথৰ আৰু চেণ্ডগ্ৰেভেল সৰবৰাহ কৰা ৩০০ খনতকৈও অধিক ডাম্পাৰ চলে উক্ত পথেৰে। পথটোৰ শোচনীয় অৱস্থাৰ বাবে উক্ত অঞ্চলৰ ৰাইজ বঞ্চিত ১০৮ সেৱাৰ পৰাও।

যাৰ ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত হয়। বন বিভাগ আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ এচাম বিষয়াৰ আৰ্শীবাদত টিপিত উল্লেখ থকাতকৈ বহু বেছি পৰিমাণে পাথৰ আৰু চেণ্ডগ্ৰেভেল সৰবৰাহ কৰে ডাম্পাৰসমূহ । এই অভিযোগ স্থানীয় ৰাইজৰ। বিগত ৫ বছৰত কৈ অধিক কাল পথটো পুনৰ নির্মাণ অথবা মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গড়কাপ্টানি বিভাগে।

যাৰ বাবে পথটোত একমাত্ৰ ডাম্পাৰ বাহিৰে নচলে কোনো যাত্রীবাহী সৰু-বৰ বাহন। গড়কাপ্টানি বিভাগে পথটো পুনৰ নির্মাণ অথবা মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অচিৰেই স্থানীয় ৰাইজৰ সহযোগত অনিদিষ্ট কালীন পথ অৱৰোধ কার্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে মহিলাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।