হাতীচোং আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

 06/29/2019 - 18:34

বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰিৰ সমীপৰ কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ এই মৰ্মে বিয়লি এক বজাৰ পৰা হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৃতাঞ্জল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনি ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷

গুণীন শইকীয়াই আদৰণি ভাষণ আগবঢ়োৱা সভাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক হিৰণ্য জ্যোতি বৰাই৷ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক নিপন শৰ্মাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীন চন্দ্ৰ শৰ্মাই অংশগ্ৰহন কৰি ছাত্ৰ-ছাত্ৰীসকলে কিদৰে উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ণ কৰিব লাগে সেই সন্দৰ্ভত সাৰমৰ্মী ভাষণ আগবঢ়ায়৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দধিমোহন বৰা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰী শংকৰ শইকীয়া, উপ সভাপতি পংকজ জ্যোতি বৰা, সাধাৰণ সম্পাদক অমৰজ্যোতি ফুকন, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি ভূঞা, সাহিত্য সম্পাদিকা স্নিগ্ধা শইকীয়া, জিলা কাৰ্যনিৰ্বাহক সদস্য ৰিংকু বৰা, লুকু হাজৰীকাকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে৷

উক্ত সভাতে হাতীচোং আঞ্চলিক ছাত্ৰ সন্থাৰ এলেকাধীন শিক্ষানুষ্ঠানসমূহৰ পৰা ২০১৯ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ যোগ্যতা সহকাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাবে অভিনন্দন জনোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।