আহিল টাটাৰ বেটাৰি চালিত বাহন টিগ’ৰ

 06/29/2019 - 18:35

ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰখ্যাত গাড়ী নির্মাতা প্রতিষ্ঠান টাটা মটৰ্ছে মুকলি কৰিলে বৈদ্যুতিক বাহন টিগ’ৰ। এক্সএম আৰু এক্সটি এই দুটা মডেলত মুকলি কৰা টিগ’ৰ বৈদ্যুতিক বাহনখনৰ প্ৰাৰম্ভিক মূল্য হৈছে ৯.৯৯ লাখ টকা। সম্প্রতি প্রতিষ্ঠানটোৱে এই গাড়ীখন কেৱল কেব সেৱা প্রদানকাৰী প্রতিষ্ঠানসমূহকে বিক্ৰীৰ ব্যৱস্থা কৰিছে।

ব্যক্তিগতভাৱে ক্রয় প্রক্রিয়া আৰম্ভ কৰা সন্দৰ্ভত এতিয়ালৈকে কোনাে সঠিক তথ্য প্রকাশ কৰা নাই প্রতিষ্ঠানটোৱে। ৭২ ভি ৩-ফেজ এ চি ইণ্ডাচন মটৰেৰে পৰিচালিত এই গাড়ীখনত সংযুক্ত আছে ডুৱেল ফ্রন্ট এয়াৰ বেগ, এ বি এছ, বিয়েৰ পার্কিং ছে, এল ই ডি টেইল টেম্প, ক্লাইমেট কন্ট্রল ছিষ্টেম ইত্যাদি বৈশিষ্ট্য। উল্লেখ্য যে এই গাড়ীখনৰ বেটাৰি এবাৰ সম্পূর্ণ চার্জ কৰাৰ পিচত ই ১৪২ কিলােমিটাৰ দূৰত্ব অতিক্রম কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।