কাকপথাৰ প্ৰেছ ক্লাৱৰ প্ৰচাৰৰ বেনাৰ ফলাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াঃ এজাহাৰ দাখিল

 06/29/2019 - 19:22

কাকপথাৰঃ বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধৰ লগত সংগতি ৰাখি কাকপথাৰত গুৱাহাটী ক্ৰিয়েটিভ আইজ’ৰ উদ্যোগত আৰু কাকপথাৰ প্ৰেছ ক্লাবৰ সহযোগত অহা ৭ জুলাইৰ পৰা ১৬ জুলাইলৈ কাকপথাৰৰ সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত এখনি ৰাজ্যিক পৰ্যায়ৰ চিত্ৰ কৰ্মশালা আৰু চিত্ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে। উক্ত কৰ্মশালাখনিৰ প্ৰচাৰৰ বাবে বিভিন্ন স্থানত আঁৰি ৰখা বেনাৰসমূহ কোনো দুষ্কৃতিকাৰীয়ে ফালি দিয়া কাৰ্যত সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু ৰাধাকৃষ্ণণ একাডেমীলৈ যোৱা পথত আঁৰি ৰখা বেনাৰখন কোনো দুষ্কৃতিকাৰীয়ে ফালি দিয়াৰ বাতৰি মাৰ নৌযাওঁতেই পুনৰ কাকপথাৰ সাংস্কৃতিক সংঘৰ সন্মুখত আঁৰি থোৱা বেনাৰখন ফালি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

দুষ্কৃতিকাৰীয়ে কৰ্মশালাখনৰ প্ৰচাৰৰ বাবে আঁৰি ৰখা বেনাৰসমূহ ফলাৰ কাৰ্যক প্ৰেছ ক্লাবে গৰিহনা দিয়াৰ লগতে কাকপথাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে লগতে অতিশীঘ্ৰে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ প্ৰেছ ক্লাবে আৰক্ষীক দাবী জনায় আৰু দুষ্কৃতিকাৰীক এনেধৰণৰ সমাজবিৰোধী কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷

উল্লেখযোগ্য বিষয় যে প্ৰেছ ক্লাবৰ চিত্ৰ কৰ্মশালা আৰু প্ৰতিযোগিতাৰ বেনাৰৰ সমান্তৰালকৈ দুয়োটা স্থানতে অভিৰুচী ক্লাব নামৰ এটা স্থানীয় সংগঠনৰ নাট কৰ্মশালাৰ প্ৰচাৰৰ বেনাৰ লাগি আছিল যদিও দুষ্কৃতিকাৰীয়ে মাত্ৰ প্ৰেছ ক্লাবৰ বেনাৰকেইখন ফালি দিয়া কাৰ্য্যই বিশেষ ৰহস্যৰ সৃষ্টি কৰিছে৷

দুষ্কৃতিকাৰীয়ে এনেধৰণৰ নিন্দনীয় কাৰ্য সংঘটিত কৰাৰ বাবে কাকপথাৰৰ সচেতন নাগৰিকসকলে তীব্ৰভাৱে গৰিহনা দিছে লগতে সমাজত অশান্তি সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.