বিজেপি এতিয়া জটিলতাৰ সন্মুখীন তেজপুৰ-নগাঁৱৰ প্ৰাৰ্থীক লৈ

 03/18/2019 - 19:00

ডিজিটেল ডেস্কঃ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈ যোৱা বৈঠকখনত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত হৈ য়োৱাৰ কথা ঘোষণা কৰিছিল যদিও পৰৱৰ্তী সময়ত নতুন দিল্লীৰ পৰা উভতি আহি গুৱাহাটীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এখন সংবাদ মেল আয়োজন কৰে৷

সংবাদ মেলত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, বিজেপিৰ ১০টা সমষ্টিৰ ভিতৰত ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হৈছে৷ মাত্ৰ দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম বাছনি কৰাত বিজেপি এতিয়া জটিলতাৰ সন্মুখীন হৈছে৷ সেই দুটা সমষ্টিৰ নাম হ’ল নগাঁও আৰু তেজপুৰ৷ এই দুটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্বাক্ষৰৰ পিছত৷

লগতে সংবাদ মেলখনত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বৃত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিকট লাভ নকৰা সন্দৰ্ভত কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নাম পেনেলত দিছিল ৰাম মাধৱে। নেডাৰ আহ্বায়ক হিচাপে অসম তথা উত্তৰ-পূবৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থাকিব হিমন্ত বিশ্ব শৰ্মা। কিন্তু পিছত আলোচনা মৰ্মে প্ৰত্যাহাৰ কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰাৰ্থী পেনেলৰ পৰা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।