এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত ভাওৰাগুৰি ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়

 06/29/2019 - 20:33

শ্ৰীৰামপুৰঃ স্বাস্থ্য বিভাগৰ উন্নতি সাধন কৰিবলৈ আৰু সাধাৰণ জনতাক উপযুক্ত চিকিৎসা সেৱা দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰে বছৰি বিভিন্ন আঁচনিৰ নামত কোটি কোটি টকা ব্যয় কৰিছে যদিও বাস্তৱত ইয়াৰ যি সেৱা আৰু সুবিধা গ্ৰামাঞ্চলৰ ৰাইজে আজিও লাভ কৰা নাই। ফলত আজিও গ্ৰামাঞ্চলৰ সাধাৰণ মানুহে বেজ, কবিৰাজ আৰু ব্যক্তিগত ঔষধৰ দোকান আৰু গাঁৱলীয়া ডাক্তৰৰ ওপৰতে ভৰসা কৰিবলগীয়া হৈছে।

ইয়াৰ জ্বলন্ত উদাহৰণ গোসাইগাঁৱৰ ভাওৰাগুৰি ত্ৰিশখন বিছনাযুক্ত চিকিৎসা কেন্দ্ৰটো। গোসাইগাঁৱৰ ভাওৰাগুৰি ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়খন সম্প্ৰতি চিকিৎসকৰ অভাৱত জুৰুলা হোৱাই নহয় বন্ধ হোৱাৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাইজৰ অভিমত। পূৰ্বতে ১২ খন বিছনাযুক্ত আছিল যদিও পিছত প্ৰয়োজন অনুসৰি ইয়াক সম্প্ৰসাৰণ কৰি ত্ৰিশখন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰা হয়।

কিন্তু ৰাইজৰ আৱশ্যক অনুসৰি চিকিৎসা কেন্দ্ৰৰ উন্নতি সাধন কৰা হ’ল যদিও বাস্তৱত ইয়াৰ সমস্যা থাকি গ’ল। চিকিৎসালয়খন দেখিবলৈ ধুনীয়া আৰু আহল বহল কিন্তু চিকিৎসা কৰিবলৈ নাই প্ৰয়োজনীয় চিকিৎসক, নাৰ্চ আৰু অন্যান্য বিষয়া কৰ্মচাৰী। কেৱল চৰকাৰী ফাইলত চলিছে এইখন চিকিৎসালয়। এই অভিযোগ বৃহত্তৰ ভাওৰাগুৰি অঞ্চলৰ ৰাইজৰ।

অঞ্চলটোৰ ৰাইজে সাংবাদিকৰ আগত নিজৰ ক্ষোভ আৰু দুখেৰে প্ৰকাশ কৰি কয় যে চিকিৎসালয়খন স্থাপনৰ পিছত এগৰাকী এমবিবিএছ চিকিৎসক নিযুক্তি দিয়া হৈছিল। সেয়া নব্বৈ দশকৰ কথা। ত্ৰিশখন বিছনাযুক্ত এখন চৰকাৰী চিকিৎসালয়ত থাকিবলগীয়া অন্যান্য বিভাগৰ চিকিৎসকৰ কথা বাদেই আজি ২৫-৩০ বছৰে নাই এগৰাকী এমবিবিএছ ডাক্তৰ।

য’ত কমেও চাৰি পাঁচগৰাকী চিকিৎসকৰ প্ৰয়োজন সেইখন চিকিৎসালয়ত মাত্ৰ এগৰাকী চিকিৎসকে দিনে নিশাই ৰাইজক চিকিৎসা সেৱা আগবঢ়াই আহিছে। সেয়াও হৈছে আয়ুৰ্বেদিক চিকিৎসক। চিকিৎসালয়খনত শিশু, মহিলা, চকু, চৰ্ম আদি অন্যান্য বিভাগৰ বিশেষজ্ঞ চিকিৎসক বাদেই নাই এগৰাকী মেডিচিন বিশেষজ্ঞ চিকিৎসক। এনেকৈ চলিছে এখন চৰকাৰী চিকিৎসা কেন্দ্ৰ।

ভাওৰাগুৰি চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ নাটনি হোৱাই নহয় অন্যান্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ নাটনি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰয়োজনীয় চিকিৎসক নথকাত চিকিৎসালয়খনত ৰোগীৰ উপস্থিতি একেবাৰে সেৰেঙা আৰু গৰ্ভৱতী মহিলাৰ বাবে আছুতীয়া কৈ থকা কোঠালীসমূহ অধিকাংশ দিনে বন্ধ থাকে। ইয়াৰ উপৰি উক্ত চিকিৎসা কেন্দ্ৰত নাই এখন ১০৮, ১০২ সেৱাৰ এম্বুলেন্স গাড়ী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।