গোৱালপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

 06/29/2019 - 20:45

গোৱালপাৰাঃ কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ খচৰাত হিন্দী ভাষা বাধ্যতামূলক কৰা আৰু কেৱল এটা আঞ্চলিক ভাষা প্ৰৱৰ্তন কৰাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজোৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা নতুন শিক্ষানীতিত তিনিটা ভাষা (ইংৰাজী, হিন্দী আৰু এটা আঞ্চলিক ভাষা) বাধ্যতামূলক কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি হিন্দী ভাষা শিকিব লাগিব ইয়াক বাধ্যতামূলক জাপি নিদি ঐচ্ছিক হিচাপে ৰাখক।

কিন্তু এটা মাথো আঞ্চলিক ভাষা বাধ্যতামূলক কিয়? যিটো হ’লে অসমৰ দৰে ৰাজ্যত য'ত সকলো জনগোষ্ঠীৰ নিজা নিজা ভাষা আছে স্বাভাৱিকতে অসমীয়া ভাষাৰ প্ৰতি এক সংকট নামি আহিব যাৰ ফলত সকলো জাতি, জনজাতি আৰু জনগোষ্ঠীৰ পৰা অসমীয়া ভাষা পর্যায়ক্ৰমে আঁতৰি আহিব।

নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে দক্ষিণ ভাৰতত ব্যাপক প্ৰতিবাদ হৈছে, কিন্তু আমাৰ অসমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভই হোৱা নাই। গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে গোৱালপাৰা জিলা সমিতিৰ উদ্যোগত গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি এই নীতিৰ বিৰোধিতা কৰা হয়

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।